আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - অসমীয়া অনুবাদ- ৰফিকুল ইছলাম হাবীবুৰ ৰহমান

external-link copy
23 : 10

فَلَمَّاۤ اَنْجٰىهُمْ اِذَا هُمْ یَبْغُوْنَ فِی الْاَرْضِ بِغَیْرِ الْحَقِّ ؕ— یٰۤاَیُّهَا النَّاسُ اِنَّمَا بَغْیُكُمْ عَلٰۤی اَنْفُسِكُمْ ۙ— مَّتَاعَ الْحَیٰوةِ الدُّنْیَا ؗ— ثُمَّ اِلَیْنَا مَرْجِعُكُمْ فَنُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟

তাৰ পিছত তেওঁ যেতিয়া সিহঁতক বিপদমুক্ত কৰে তেতিয়া সিহঁতে পৃথিৱীত অন্যায়ভাৱে সীমালংঘন কৰি থাকে। হে মানৱ! (জানি থোৱা) তোমালোকৰ সীমালংঘন কেৱল তোমালোকৰ বিৰুদ্ধেই (ক্ষতিকৰ) হয়; পাৰ্থিৱ জীৱনৰ সুখ উপভোগ কৰি লোৱা, পিছত আমাৰ ওচৰলৈকেই তোমালোকৰ প্ৰত্যাৱৰ্তন হ’ব। তেতিয়া আমি তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা। info
التفاسير: