আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
40 : 78

اِنَّاۤ اَنْذَرْنٰكُمْ عَذَابًا قَرِیْبًا ۖۚ۬— یَّوْمَ یَنْظُرُ الْمَرْءُ مَا قَدَّمَتْ یَدٰهُ وَیَقُوْلُ الْكٰفِرُ یٰلَیْتَنِیْ كُنْتُ تُرٰبًا ۟۠

(হে মানৱ) আমি তোমালোকক এনেকুৱা শাস্তিৰ পৰা সাৱধান কৰি দিছো যিটো অতি নিকটৱৰ্তী। যিদিনাখন মানুহে পৃথিৱীত কৰা কৰ্মবোৰ দেখা পাব আৰু কাফিৰে শাস্তিৰ পৰা মুক্তি পোৱাৰ কামনা কৰি কব – মই যদি জীৱ-জন্তুৰ দৰে মাটি হৈ গলোহেঁতেন! এই কথা সেই সময়ত কব যেতিয়া ক্বিয়ামতৰ দিনা জীৱ-জন্তুক কোৱা হবঃ তোমালোকে মাটি হৈ যোৱা। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• التقوى سبب دخول الجنة.
তাক্বৱা বা আল্লাহ ভীতি হৈছে জান্নাত প্ৰাপ্তিৰ অন্যতম কাৰণ। info

• تذكر أهوال القيامة دافع للعمل الصالح.
ক্বিয়ামতৰ ভয়াৱহ দৃশ্যবোৰৰ স্মৰণে সৎ কৰ্ম কৰাত প্ৰেৰণা যোগায়। info

• قبض روح الكافر بشدّة وعنف، وقبض روح المؤمن برفق ولين.
কাফিৰ সকলৰ প্ৰাণ কঠোৰ ভাৱে আৰু মুমিন সকলৰ প্ৰাণ সহজ ভাৱে কবজ কৰা হয়। info