আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

পৃষ্ঠা নং:close

external-link copy
36 : 69

وَّلَا طَعَامٌ اِلَّا مِنْ غِسْلِیْنٍ ۟ۙ

আৰু তাৰ খাদ্যৰ বাবে জাহান্নামীসকলৰ শৰীৰৰ পৰা ওলোৱা পুঁজৰ বাহিৰে আন কোনো খাদ্য নাথাকিব। info
التفاسير:

external-link copy
37 : 69

لَّا یَاْكُلُهٗۤ اِلَّا الْخَاطِـُٔوْنَ ۟۠

এইটো হৈছে পাপী আৰু অপৰাধীবিলাকৰ খাদ্য। info
التفاسير:

external-link copy
38 : 69

فَلَاۤ اُقْسِمُ بِمَا تُبْصِرُوْنَ ۟ۙ

আল্লাহ তাআলাই সেইবোৰ বস্তুৰ শপত কৰিছে যিবোৰ তোমালোকে দেখি আছা। info
التفاسير:

external-link copy
39 : 69

وَمَا لَا تُبْصِرُوْنَ ۟ۙ

আৰু সেই বস্তুৰ শপত কৰিছে যিবোৰ তোমালোকে দেখা নোপোৱা। info
التفاسير:

external-link copy
40 : 69

اِنَّهٗ لَقَوْلُ رَسُوْلٍ كَرِیْمٍ ۟ۚۙ

নিশ্চয় কোৰআন আল্লাহৰ বাণী। যিটো মানুহৰ আগত তেওঁৰ সন্মানিত ৰাছুলে পঢ়ি শুনাইছে। info
التفاسير:

external-link copy
41 : 69

وَّمَا هُوَ بِقَوْلِ شَاعِرٍ ؕ— قَلِیْلًا مَّا تُؤْمِنُوْنَ ۟ۙ

আৰু এয়া কোনো কবিৰ কথা নহয়। কিয়নো এয়া কোনো কবিতাৰ ৰূপত নহয়। তোমালোকে খুবেই কম ঈমান পোষণ কৰা। info
التفاسير:

external-link copy
42 : 69

وَلَا بِقَوْلِ كَاهِنٍ ؕ— قَلِیْلًا مَّا تَذَكَّرُوْنَ ۟ؕ

আৰু এয়া কোনো গণকৰ কথাও নহয়। কিয়নো গণকৰ কথা এই কোনআনৰ পৰা পৰিপূৰ্ণ ভিন্ন। তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা। info
التفاسير:

external-link copy
43 : 69

تَنْزِیْلٌ مِّنْ رَّبِّ الْعٰلَمِیْنَ ۟

বৰং এয়া সকলো সৃষ্টিৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ কৰা গ্ৰন্থ। info
التفاسير:

external-link copy
44 : 69

وَلَوْ تَقَوَّلَ عَلَیْنَا بَعْضَ الْاَقَاوِیْلِ ۟ۙ

যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ নামত কোনো মনেসজা কথা কলেহঁতেন যিটো মই কোৱা নাই। info
التفاسير:

external-link copy
45 : 69

لَاَخَذْنَا مِنْهُ بِالْیَمِیْنِ ۟ۙ

তেন্তে আমি তাৰ পৰা প্ৰতিশোধ ললোহেঁতেন। আৰু তেখেতৰ সোঁ হাত নিজ শক্তি আৰু সামৰ্থৰ সৈতে ধৰিলোহেঁতেন। info
التفاسير:

external-link copy
46 : 69

ثُمَّ لَقَطَعْنَا مِنْهُ الْوَتِیْنَ ۟ؗۖ

তাৰ পিছত তেখেতৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহঁতেন। যিটো তেখেতৰ অন্তৰৰ লগত সংযোগ। info
التفاسير:

external-link copy
47 : 69

فَمَا مِنْكُمْ مِّنْ اَحَدٍ عَنْهُ حٰجِزِیْنَ ۟

এতেকে তোমালোকৰ মাজত কোনো ৰক্ষাকাৰী নাই, যিয়ে তেওঁক আমাৰ পৰা ৰক্ষা কৰিব। গতিকে তোমালোকৰ কাৰণে তেখেতে মোৰ প্ৰতি কোনো মনেসজা কথা ৰচনা কৰিব সেয়া অসম্ভৱ। info
التفاسير:

external-link copy
48 : 69

وَاِنَّهٗ لَتَذْكِرَةٌ لِّلْمُتَّقِیْنَ ۟

নিশ্চয় এই কোৰআন সেই সকলৰ বাবে শিক্ষা আৰু উপদেশ, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে। info
التفاسير:

external-link copy
49 : 69

وَاِنَّا لَنَعْلَمُ اَنَّ مِنْكُمْ مُّكَذِّبِیْنَ ۟

আৰু আমি নিশ্চয় জানো যে. তোমালোকৰ মাজৰ কিছুমানে এই কোৰআন অস্বীকাৰ কৰে। info
التفاسير:

external-link copy
50 : 69

وَاِنَّهٗ لَحَسْرَةٌ عَلَی الْكٰفِرِیْنَ ۟

নিশ্চিতৰূপে কোৰআন অস্বীকাৰ কৰাটো ক্বিয়ামতৰ দিনা ডাঙৰ অনুশোচনাৰ কাৰণ হ’ব। info
التفاسير:

external-link copy
51 : 69

وَاِنَّهٗ لَحَقُّ الْیَقِیْنِ ۟

আৰু কোৰআন পৰিপূৰ্ণ সুনিশ্চিত সত্য। যিটো আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ গ্ৰন্থ হোৱাত কোনো সন্দেহ আৰু সংশয় নাই। info
التفاسير:

external-link copy
52 : 69

فَسَبِّحْ بِاسْمِ رَبِّكَ الْعَظِیْمِ ۟۠

এতেকে হে ৰাছুল, আপুনি আপোনাৰ প্ৰতিপালকৰ পৱিত্ৰতা বৰ্ণনা কৰি সেইবোৰ বিষয় নাকচ কৰক যিবোৰ তেওঁৰ সন্মানৰ পৰিপন্থী। আৰু আপোনাৰ প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰক। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• تنزيه القرآن عن الشعر والكهانة.
কোৰআন কোনো কবিতা নহয় আৰু কাহানীও নহয়। info

• خطر التَّقَوُّل على الله والافتراء عليه سبحانه.
আল্লাহৰ নামত কোনো মনেসজা কথা ৰচনা কৰা আৰু তাৰ প্ৰতি আৰোপ কৰাৰ ভয়াৱহতা। info

• الصبر الجميل الذي يحتسب فيه الأجر من الله ولا يُشكى لغيره.
উত্তম ধৈৰ্য হৈছে যাৰ ভিতৰত আল্লাহৰ পৰা পৰিণামৰ আশা কৰা হয় আৰু তেওঁৰ বাহিৰে কাৰো ওচৰত কোনো আবেদন নকৰা। info