আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
37 : 54

وَلَقَدْ رَاوَدُوْهُ عَنْ ضَیْفِهٖ فَطَمَسْنَاۤ اَعْیُنَهُمْ فَذُوْقُوْا عَذَابِیْ وَنُذُرِ ۟

লূত সম্প্ৰদায়ে লূত আলাইহিচ্ছালামৰ ওচৰত আহি তেওঁৰ ফিৰিস্তা অতিথিসকলৰ কাষ চাপিবলৈ ঠেলা হেঁচা আৰম্ভ কৰিলে, যাতে তেওঁলোকৰ ওচৰতগৈ অসৎ উদ্দেশ্য পূৰণ কৰিব পাৰে। ফলত আমি সিহঁতৰ দৃষ্টিশক্তি হৰণ কৰি অন্ধ কৰি দিছিলোঁ। ফলত সিহঁতে তেওঁলোকক দেখিব পৰা নাছিল। আৰু আমি সিহঁতক কৈছিলোঁ: এতিয়া মোৰ শাস্তিৰ সোৱাদ লোৱা, এইটোৱে হৈছে মোৰ সতর্ক-সংকেতৰ পৰিণাম। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• شمول العذاب للمباشر للجريمة والمُتَمالئ معه عليها.
অপৰাধী আৰু তাৰ সৈতে অংশগ্রহণকাৰী উভয়েই প্ৰত্যক্ষভাৱে শাস্তি পাব। info

• شُكْر الله على نعمه سبب السلامة من العذاب.
আল্লাহৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰা, শাস্তিৰ পৰা ৰক্ষা পোৱাৰ অন্যতম উপায়। info

• إخبار القرآن بهزيمة المشركين يوم بدر قبل وقوعها من الإخبار بالغيب الدال على صدق القرآن.
মুশ্বৰিকসকলে বদৰৰ যুদ্ধৰ দিনা পৰাজয়বৰণ কৰিব বুলি কোৰআনে পূৰ্বেই সংবাদ পৰিবেশন কৰিছে, এই বিষয়টোৱে প্রমাণ বহন কৰে যে, কোৰআন নিশ্চয় সত্য। info

• وجوب الإيمان بالقدر.
ভাগ্যলিপিৰ প্ৰতি ঈমান পোষণ কৰা অপৰিহার্য। info