আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
28 : 51

فَاَوْجَسَ مِنْهُمْ خِیْفَةً ؕ— قَالُوْا لَا تَخَفْ ؕ— وَبَشَّرُوْهُ بِغُلٰمٍ عَلِیْمٍ ۟

তথাপিও যেতিয়া তেওঁলোকে খাদ্য গ্ৰহণ নকৰিলে, তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে মনে মনে ভয় অনুভৱ কৰিলে, বিষয়টো তেওঁলোকে গম পাইছিল। গতিকে তেওঁলোকে ইব্ৰাহীম আলাইহিচ্ছালামক সান্তনা দি ক’লেঃ “ভয় নকৰিব, আমি আল্লাহৰ ফালৰ পৰা বাৰ্তাবাহক হিচাপে প্ৰেৰিত হৈছোঁ”। লগতে তেওঁলোকে তেওঁক আনন্দদায়ক সংবাদ এটা প্ৰদান কৰিলে। তেওঁলোকে ক’লেঃ তেওঁৰ ঘৰত এটা পুত্ৰ সন্তান জন্ম লাভ কৰিব, যিজন জ্ঞানী হ’ব। ইয়াত যিজন পুত্ৰ সন্তানৰ সুসংবাদ দিয়া হৈছে, তেওঁ হৈছে ইছহাক্ব আলাইহিচ্ছালাম। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• إحسان العمل وإخلاصه لله سبب لدخول الجنة.
নিৰ্ভেজালভাৱে আল্লাহৰ বাবে সৎকৰ্ম কৰাটো হৈছে জান্নাতত প্ৰৱেশ কৰাৰ উপায়। info

• فضل قيام الليل وأنه من أفضل القربات.
ৰাতিৰ চালাতৰ গুৰুত্ব, তথা তাহাজ্জুদ হৈছে সান্নিধ্য লাভ কৰাৰ অন্যতম ইবাদত। info

• من آداب الضيافة: رد التحية بأحسن منها، وتحضير المائدة خفية، والاستعداد للضيوف قبل نزولهم، وعدم استثناء شيء من المائدة، والإشراف على تحضيرها، والإسراع بها، وتقريبها للضيوف، وخطابهم برفق.
অতিথি আপ্যায়নৰ কেইটামান বিশেষ নীতি হৈছে এনেকুৱাঃ উত্তমভাৱে ছালামৰ উত্তৰ দিয়া, গোপনে খাদ্য বস্তু উপস্থিত কৰা, অতিথি অহাৰ পূৰ্বৰে পৰা ইয়াৰ বাবে প্ৰস্তুতি লোৱা, অতিথিসকলৰ সন্মুখৰ পৰা কোনো বস্তু পৃথকে ৰখা ঠিক নহয়, খোৱা বস্তু নিজে উপস্থিত কৰা, এইক্ষেত্ৰত ততাতৈয়া কৰা, পানাহাৰ অতিসকলৰ সন্মুখত আগুৱাই দিয়া, তেওঁলোকৰ সৈতে বিনম্ৰতাৰে কথা কোৱা ইত্যাদি। info