আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
45 : 50

نَحْنُ اَعْلَمُ بِمَا یَقُوْلُوْنَ وَمَاۤ اَنْتَ عَلَیْهِمْ بِجَبَّارٍ ۫— فَذَكِّرْ بِالْقُرْاٰنِ مَنْ یَّخَافُ وَعِیْدِ ۟۠

এই অস্বীকাৰকাৰীসকলে যি কথা কৈ আছে সেই বিষয়ে আমি ভালদৰেই জানো। হে ৰাছুল! আপুনি সিহঁতৰ ওপৰত বিষয়া হিচাপে নিযুক্তি লাভ কৰা নাই যে, সিহঁতক আপুনি ঈমান আনিবলৈ বাধ্য কৰিব। বৰং আপুনি হৈছে এজন বাৰ্তাবাহক, আপুনি কেৱল সেই বাৰ্তা পৌঁচাই দিয়ক যিটো পৌঁচাই দিবলৈ আল্লাহে আপোনাক নিৰ্দেশ কৰিছে। আপুনি কোৰআনৰ জৰিয়তে সেইসকল লোকক সতৰ্ক কৰক, যিসকলে সেই শাস্তিক ভয় কৰে যিটো কাফিৰ আৰু পাপিষ্ঠসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। কিয়নো ভয় পোষণ কৰা ব্যক্তিয়েই উপদেশ গ্ৰহণ কৰে, যেতিয়া তাক উপদেশ দিয়া হয়। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• الاعتبار بوقائع التاريخ من شأن ذوي القلوب الواعية.
ইতিহাসৰ ঘটনাবোৰৰ দ্বাৰা কেৱল সেইসকল লোকেই শিক্ষা তথা পাঠ গ্ৰহণ কৰে, যিসকলৰ ওচৰত বুজিব পৰা অন্তৰ আছে। info

• خلق الله الكون في ستة أيام لِحِكَم يعلمها الله، لعل منها بيان سُنَّة التدرج.
আল্লাহে হিকমত অনুযায়ী ছয় দিনত বিশ্বজগত সৃষ্টি কৰিছে, যিটো কেৱল একমাত্ৰ তেৱেঁই জানে। এইটোও এটা হিকমত হ’ব পাৰে যে যিকোনো কাম ধাপে ধাপে কৰিব লাগে। info

• سوء أدب اليهود في وصفهم الله تعالى بالتعب بعد خلقه السماوات والأرض، وهذا كفر بالله.
ইয়াহুদীসকলে আল্লাহৰ সৈতে বেআদবী কৰিছে, সিহঁতে কয়ঃ আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰি ক্লান্ত হৈছিল। এইটো স্পষ্ট কুফৰী কথা। info