আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
59 : 3

اِنَّ مَثَلَ عِیْسٰی عِنْدَ اللّٰهِ كَمَثَلِ اٰدَمَ ؕ— خَلَقَهٗ مِنْ تُرَابٍ ثُمَّ قَالَ لَهٗ كُنْ فَیَكُوْنُ ۟

দৰাচলতে আল্লাহৰ দৃষ্টিত ঈছা আলাইহিছ ছালামৰ সৃষ্টিৰ উদাহৰণ আদম আলাইহিছ ছালামৰ দৰেই, যিদৰে তেওঁক মাটিৰে সৃষ্টি কৰিছে। আল্লাহে তেওঁক বিনা পিতৃ মাতৃৰে সৃষ্টি কৰিছে। আল্লাহে কেৱল কৈছিলঃ মানুহত পৰিণত হোৱা, ফলত আল্লাহৰ ইচ্ছাত সেই মাটি মানুহত পৰিণত হৈছিল। তেন্তে ইহঁতে ঈছাক কেনেকৈ উপাস্য হিচাপে দাবী কৰে, এই কাৰণে নেকি যে, তেওঁ বিনা পিতৃৰে সৃষ্টি হৈছে? অথচ সিহঁতে এই কথা স্বীকাৰ কৰে যে আদম আলাইহিছ ছালাম এজন মানৱ। যদিও তেওঁক পিতৃ আৰু মাতৃ দুয়ো নোহোৱাকৈ সৃষ্টি কৰা হৈছিল। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• من كمال قدرته تعالى أنه يعاقب من يمكر بدينه وبأوليائه، فيمكر بهم كما يمكرون.
আল্লাহৰ ক্ষমতাৰ পৰিপূৰ্ণতাৰ অন্তৰ্ভুক্ত এইটোও যে, তেওঁ নিজৰ দ্বীন আৰু তেওঁৰ বন্ধুবৰ্গৰ লগত ষড়যন্ত্ৰকাৰী সকলক শাস্তি প্ৰদান কৰে। এতেকে সিহঁতে যিদৰে ষড়যন্ত্ৰ কৰে, আল্লাহেও সেই অনুপাতে সিদ্ধান্ত গ্ৰহণ কৰে। info

• بيان المعتقد الصحيح الواجب في شأن عيسى عليه السلام، وبيان موافقته للعقل فهو ليس بدعًا في الخلقة، فآدم المخلوق من غير أب ولا أم أشد غرابة والجميع يؤمن ببشريته.
ঈছা আলাইহিছ ছালাম সম্পৰ্কে সঠিক আৰু আৱশ্যক ধাৰণাৰ বৰ্ণনা আৰু এই কথাৰ স্পষ্ট বিৱৰণ যে, তেওঁৰ জন্ম বিবেকৰ বিৰুদ্ধে নাছিল, কাৰণ তেওঁৰ জন্ম অভূতপূৰ্ব পদ্ধতিত হোৱা নাছিল। বৰং আদম আলাইহিছ ছালাম বিনা পিতৃ-মাতৃৰে জন্ম হৈছিল আৰু তেওঁৰ জন্ম ইয়াতকৈ আচৰিত আছিল। ইয়াৰ পিছতো সকলোৱে তেওঁক মানুহ হিচাপে বিশ্বাস কৰে। info

• مشروعية المُباهلة بين المتنازعين على الصفة التي وردت بها الآية الكريمة.
পৰস্পৰে দুজন বিবাদকাৰীৰ মাজত সেই পদ্ধতিতেই মুবাহালা কৰা বৈধ, যিটো পদ্ধতি আয়াতত আছে। info