আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
185 : 3

كُلُّ نَفْسٍ ذَآىِٕقَةُ الْمَوْتِ ؕ— وَاِنَّمَا تُوَفَّوْنَ اُجُوْرَكُمْ یَوْمَ الْقِیٰمَةِ ؕ— فَمَنْ زُحْزِحَ عَنِ النَّارِ وَاُدْخِلَ الْجَنَّةَ فَقَدْ فَازَ ؕ— وَمَا الْحَیٰوةُ الدُّنْیَاۤ اِلَّا مَتَاعُ الْغُرُوْرِ ۟

প্ৰত্যেক প্ৰাণীয়েই, সি যিয়েই নহওঁক কিয়, মৃত্যুৰ সোৱাদ লবই লাগিব। এতেকে কোনো সৃষ্টিয়ে এই পৃথিৱীৰ মোহত পৰিব নালাগে। আৰু কিয়ামতৰ দিনা তোমালোকক নিজ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দিয়া বিনা কোনো হ্ৰাস নকৰাকৈ। ইয়াৰ পিছত যাক আল্লাহে জাহান্নামৰ পৰা দূৰৈত ৰাখিব আৰু জান্নাতত প্ৰৱেশ কৰাব, তেন্তে জানি থোৱা, সি কল্যাণৰ যি আশা পোষণ কৰিছিল, সেয়া সি পাই গল আৰু যি অকল্যাণৰ পৰা সি ভয় কৰিছিল তাৰ পৰা সি মুক্তি পালে। পাৰ্থিৱ জীৱন হৈছে ধ্বংসশীল এটা সামগ্ৰী। ইয়াৰ লগত কেৱল ব্যৰ্থ ব্যক্তিয়েহে মনোনিবেশ কৰিব পাৰে। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• من سوء فعال اليهود وقبيح أخلاقهم اعتداؤهم على أنبياء الله بالتكذيب والقتل.
ইয়াহুদীসকলৰ কুকৰ্ম আৰু সিহঁতৰ নিকৃষ্টতাৰ এটা উদাহৰণ এই যে, সিহঁতে আল্লাহৰ নবীসকলক অস্বীকাৰ কৰিছিল আৰু তেওঁলোকক হত্যাও কৰিছিল। info

• كل فوز في الدنيا فهو ناقص، وإنما الفوز التام في الآخرة، بالنجاة من النار ودخول الجنة.
পৃথিৱীৰ সকলো সফলতা অসম্পূৰ্ণ, আনহাতে আখিৰাতৰ সফলতাই হৈছে পৰিপূৰ্ণ সফলতা। আৰু সেয়া হৈছে জাহান্নামৰ পৰা মুক্তি আৰু জান্নাতত প্ৰৱেশ। info

• من أنواع الابتلاء الأذى الذي ينال المؤمنين في دينهم وأنفسهم من قِبَل أهل الكتاب والمشركين، والواجب حينئذ الصبر وتقوى الله تعالى.
সেই কষ্টও এক প্ৰকাৰৰ পৰীক্ষা, যিটো মুমিনসকলে আহলে কিতাব আৰু মুশ্বৰিকসকলৰ ফালৰ পৰা পাই থাকে। এনেকুৱা পৰিস্থিত ধৈৰ্য ধাৰণ কৰা উচিত আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা উচিত। info