আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
61 : 23

اُولٰٓىِٕكَ یُسٰرِعُوْنَ فِی الْخَیْرٰتِ وَهُمْ لَهَا سٰبِقُوْنَ ۟

এনেকুৱা মহান বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই সৎকৰ্ম কৰাৰ ক্ষেত্ৰত পলম নকৰে, তথা এনেকুৱা কৰ্মত সদায় আগভাগ লয়। লগতে এই ক্ষেত্ৰত আন আন লোকসকলক পিচ পেলাই আগুৱাই যায়। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• خوف المؤمن من عدم قبول عمله الصالح.
মুমিন ব্যক্তিয়ে সদায় নিজৰ সৎকৰ্মকলৈ ভয় পোষণ কৰে, সেয়া কবুল হয় নে নহয়। info

• سقوط التكليف بما لا يُسْتطاع رحمة بالعباد.
আল্লাহে বান্দাসকলৰ প্ৰতি কৃপা কৰি সিহঁতৰ প্ৰতি এনেকুৱা কোনো দায়িত্ব দিয়া নাই যিটো সিহঁতৰ সামৰ্থৰ বাহিৰত। info

• الترف مانع من موانع الاستقامة وسبب في الهلاك.
সুখ আৰু ধন-সম্পত্তিৰ প্ৰশস্ততা হৈছে সঠিক পথত পৰিচালিত হোৱাত বাধা প্ৰদানৰ এটা কাৰণ, তথা বিনাশৰো অন্যতম কাৰণ। info

• قصور عقول البشر عن إدراك كثير من المصالح.
মানুহৰ বিবেক এনেকুৱা বহুতো বিষয়ত ঢুকি নাপায়, যিটো তাৰ নিজৰ বাবেই কল্যাণকৰ। info