আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
80 : 21

وَعَلَّمْنٰهُ صَنْعَةَ لَبُوْسٍ لَّكُمْ لِتُحْصِنَكُمْ مِّنْ بَاْسِكُمْ ۚ— فَهَلْ اَنْتُمْ شٰكِرُوْنَ ۟

আনহাতে ছুলাইমানক এৰি দাঊদক আমি কৱচ নিৰ্মাণৰ দক্ষতা প্ৰদান কৰিছিলোঁ, যাতে অস্ত্ৰই তোমালোকৰ শৰীৰক আঘাত কৰিব নোৱাৰে। এতেকে হে মানৱজাতি! তোমালোকে আল্লাহৰ এই নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰিবানে?! info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• فعل الخير والصلاة والزكاة، مما اتفقت عليه الشرائع السماوية.
সৎকৰ্ম কৰা, চালাত আদায় কৰা, যাকাত প্ৰদান কৰা আদি এনেকুৱা উপদেশ, যিবোৰ প্ৰত্যেক আচমানী গ্ৰন্থত উল্লেখ আছে। info

• ارتكاب الفواحش سبب في وقوع العذاب المُسْتَأْصِل.
অশ্লীল কৰ্ম হৈছে বিনাশ বা ধ্বংসৰ অন্যতম কাৰণ। info

• الصلاح سبب في الدخول في رحمة الله.
সদাচাৰিতা হৈছে আল্লাহৰ ৰহমতত প্ৰৱেশ কৰাৰ অন্যতম উপায়। info

• الدعاء سبب في النجاة من الكروب.
দুআ হৈছে বিপদ-আপদৰ পৰা মুক্তি লাভ কৰাৰ উপায়। info