আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
13 : 21

لَا تَرْكُضُوْا وَارْجِعُوْۤا اِلٰی مَاۤ اُتْرِفْتُمْ فِیْهِ وَمَسٰكِنِكُمْ لَعَلَّكُمْ تُسْـَٔلُوْنَ ۟

এতেকে সিহঁতক উপহাস কৰি কোৱা হ'লঃ দৌৰি পলায়ন নকৰিবা, বৰং তোমালোকে নিজৰ ভোগ-সামগ্ৰীৰ প্ৰতি উভতি যোৱা, যিবোৰ তোমালোকে উপভোগ কৰি আছিলা, তথা নিজৰ বাসস্থানলৈ উভতি যোৱা যাতে তোমালোকক তোমালোকৰ পাৰ্থিৱ জীৱন সম্পৰ্কে সোধ-পোচ কৰিব পৰা যায়। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• الظلم سبب في الهلاك على مستوى الأفراد والجماعات.
ব্যক্তি জীৱনতেই হওঁক অথবা সামাজিক জীৱনত, অন্যায় হৈছে ধ্বংসৰ মূল কাৰণ। info

• ما خلق الله شيئًا عبثًا؛ لأنه سبحانه مُنَزَّه عن العبث.
আল্লাহে কোনো বস্তুকেই অদৰকাৰী সৃষ্টি কৰা নাই। কিয়নো অদৰকাৰী সৃষ্টি কৰাৰ পৰা তেওঁ পৱিত্ৰ। info

• غلبة الحق، ودحر الباطل سُنَّة إلهية.
সত্যক বিজয়ী কৰা আৰু অসত্যক পৰাস্ত কৰাটো আল্লাহৰ ধাৰাবাহিক নীতি। info

• إبطال عقيدة الشرك بدليل التَّمَانُع.
শ্বিৰ্কীয়া আক্বীদাক এই প্ৰমাণৰ জৰিয়তে খণ্ডন কৰা হৈছে যে, যদি একাধিক উপাস্য থাকিলহেঁতেন তেন্তে ইজনে সিজনৰ কৰ্মত হস্তক্ষেপ কৰিলেহেঁতেন, তথা বিশ্বজগতৰ পৰিচালনাত ব্যঘাত জন্মিলেহেঁতেন। info