আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
67 : 17

وَاِذَا مَسَّكُمُ الضُّرُّ فِی الْبَحْرِ ضَلَّ مَنْ تَدْعُوْنَ اِلَّاۤ اِیَّاهُ ۚ— فَلَمَّا نَجّٰىكُمْ اِلَی الْبَرِّ اَعْرَضْتُمْ ؕ— وَكَانَ الْاِنْسَانُ كَفُوْرًا ۟

হে মুশ্বৰিকসকল! তোমালোকে যেতিয়া সাগৰৰ মাজত বিপদত পৰা তেতিয়া তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰিছিলা সেই সকলোবোৰক পাহৰি কেৱল আল্লাহৰ কথাই মনত পৰে, আৰু তোমালোকে তেওঁৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰা। কিন্তু আল্লাহে যেতিয়া তোমালোকক বিপদৰ পৰা ৰক্ষা কৰে আৰু তোমালোক আহি স্থলত উপস্থিত হোৱা, তেতিয়া তোমালোক আল্লাহৰ তাওহীদ আৰু কেৱল তেওঁৰ ওচৰতেই দুআ কৰাৰ কথা অৱজ্ঞা কৰি মূৰ্তিবোৰৰ পিনে উভতি যোৱা। দৰাচলতে মানুহ হৈছে আল্লাহৰ নিয়ামতৰ অধিক অস্বীকাৰকাৰী। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• الإنسان كفور للنعم إلا من هدى الله.
মানুহ প্ৰকৃততে নিয়ামত অস্বীকাৰকাৰী, কেৱল সেইসকল লোকৰ বাহিৰে যিসকলক আল্লাহে হিদায়ত প্ৰদান কৰে। info

• كل أمة تُدْعَى إلى دينها وكتابها، هل عملت به أو لا؟ والله لا يعذب أحدًا إلا بعد قيام الحجة عليه ومخالفته لها.
প্ৰত্যেক উম্মতক সিহঁতৰ দ্বীন আৰু গ্ৰন্থৰ পিনে আহ্বান কৰা হ'ব, সিহঁতে সেই গ্ৰন্থ মতে আমল কৰিছিল নে নাই। আল্লাহে কোনো ব্যক্তিৰ বিৰুদ্ধাচৰণ প্ৰমাণিত নকৰাকৈ শাস্তি প্ৰদান নকৰে। info

• عداوة المجرمين والمكذبين للرسل وورثتهم ظاهرة بسبب الحق الذي يحملونه، وليس لذواتهم.
ৰাছুল আৰু তেওঁলোকৰ উত্তৰাধিকাৰীসকলৰ লগত অপৰাধী আৰু অস্বীকাৰকাৰী সকলে সেই সত্যৰ কাৰণে শত্ৰুতা পোষণ কৰে যিটো তেওঁলোকৰ ওচৰত আছে। তেওঁলোকৰ লগত ব্যক্তিগত কোনো শত্ৰুতা নাই। info

• الله تعالى عصم النبي من أسباب الشر ومن البشر، فثبته وهداه الصراط المستقيم، ولورثته مثل ذلك على حسب اتباعهم له.
আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সকলো প্ৰকাৰ অনিষ্টৰ মাধ্যমৰ পৰা তথা মানুহৰ পৰা সুৰক্ষা প্ৰদান কৰিছিল। এতেকে তেখেতক সঠিক পথত অটল ৰাখিছিল আৰু পোন পথৰ হিদায়ত প্ৰদান কৰিছিল। আৰু তেখেতৰ অনুসাৰীসকলকো তেখেতৰ অনুসৰণ অনুপাতে সেইদৰেই সুৰক্ষা প্ৰদান কৰিব। info