আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
47 : 14

فَلَا تَحْسَبَنَّ اللّٰهَ مُخْلِفَ وَعْدِهٖ رُسُلَهٗ ؕ— اِنَّ اللّٰهَ عَزِیْزٌ ذُو انْتِقَامٍ ۟ؕ

হে ৰাছুল! আপুনি এইটো কেতিয়াও ধাৰণা নকৰিব যে, আল্লাহে ৰাছুলসকলক সহায় কৰাৰ আৰু দ্বীনক বিজয় প্ৰদানৰ যি প্ৰতিশ্ৰুতি দিছিল, সেয়া ভঙ্গ কৰিব। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ নিজৰ প্ৰিয়জনক অৱশ্যে শক্তিশালী কৰিব। নিশ্চয় তেওঁ নিজৰ আৰু তেওঁৰ ৰাছুলসকলৰ শত্ৰুসকলৰ কঠিনভাৱে প্ৰতিশোধ লব। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• تصوير مشاهد يوم القيامة وجزع الخلق وخوفهم وضعفهم ورهبتهم، وتبديل الأرض والسماوات.
ক্বিয়ামত দিৱসৰ দৃশ্য, মানুহৰ ভয়-ভীতি আৰু নিৰ্বলতাৰ বৰ্ণনা, পৃথিৱী আৰু আকাশমণ্ডল পৰিবৰ্তনৰ বৰ্ণনা। info

• وصف شدة العذاب والذل الذي يلحق بأهل المعصية والكفر يوم القيامة.
পাপিষ্ঠ আৰু কাফিৰসকলৰ বাবে ক্বিয়ামতৰ দিনা হ'বলগীয়া কঠিন শাস্তি আৰু অপমানৰ বৰ্ণনা। info

• أن العبد في سعة من أمره في حياته في الدنيا، فعليه أن يجتهد في الطاعة، فإن الله تعالى لا يتيح له فرصة أخرى إذا بعثه يوم القيامة.
পাৰ্থিৱ জীৱনত বান্দাই নিজৰ ক্ষেত্ৰত ফয়চালা লব পাৰে। সেয়ে সিহঁতে বেছি বেছি নেক কৰ্ম কৰা উচিত। কিয়নো আল্লাহে ক্বিয়ামতৰ দিনা পুনৰুত্থান কৰাৰ পিছত দ্বিতীয়বাৰ এই অৱকাশ প্ৰদান নকৰিব। info