আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

আল-ইখলাচ

ছুৰাৰ উদ্দেশ্য:
تفرد الله بالألوهية والكمال وتنزهه عن الولد والوالد والنظير.
আল্লাহ একক আৰু অদ্বিতীয় ইবাদতৰ ক্ষেত্ৰতো আৰু পৰিপূৰ্ণতাৰ ক্ষেত্ৰতো। লগতে তেওঁ পুত্ৰ, পিতা আৰু সমকক্ষ আদিৰ পৰা সম্পূৰ্ণৰূপে পৱিত্ৰ। info

external-link copy
1 : 112

قُلْ هُوَ اللّٰهُ اَحَدٌ ۟ۚ

হে ৰাছুল, আপুনি কৈ দিয়ক, কেৱল একমাত্ৰ আল্লাহ তাআলাই ইবাদতৰ অধিকাৰী, তেওঁৰ বাহিৰে কোনো সত্য উপাস্য নাই। info
التفاسير:

external-link copy
2 : 112

اَللّٰهُ الصَّمَدُ ۟ۚ

আল্লাহ হৈছে উচ্চ সত্ত্বা, পৰিপূৰ্ণ আৰু সৌন্দৰ্যৰ বিশেষণতাৰে বিশেষিত। যাৰ আগত সকলো সৃষ্টিয়ে নিজ নিজ প্ৰয়োজনবোৰ উত্থাপন কৰে। info
التفاسير:

external-link copy
3 : 112

لَمْ یَلِدْ ۙ۬— وَلَمْ یُوْلَدْ ۟ۙ

যিয়ে কাকো জন্ম দিয়া নাই আৰু তেৱোঁ কাৰো পৰা জন্ম লোৱা নাই। এতেকে সেই পৱিত্ৰ সত্ত্বা আল্লাহৰ কোনো সন্তান নাই আৰু পিতাও নাই। info
التفاسير:

external-link copy
4 : 112

وَلَمْ یَكُنْ لَّهٗ كُفُوًا اَحَدٌ ۟۠

আৰু সৃষ্টিৰ মাজত তেওঁৰ সমপৰ্যায়ৰ কোনো নাই। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• إثبات صفات الكمال لله، ونفي صفات النقص عنه.
আল্লাহ পৰিপূৰ্ণ বৈশিষ্ট্যৰ অধিকাৰী এই কথা সাব্যস্ত কৰা, আৰু তেওঁ সকলো অপূৰ্ণতাৰ পৰা পৱিত্ৰ। info

• ثبوت السحر، ووسيلة العلاج منه.
যাদুৰ বাস্তৱতা আৰু ইয়াৰ চিকিত্সাৰ পদ্ধতি। info

• علاج الوسوسة يكون بذكر الله والتعوذ من الشيطان.
চয়তানৰ কুমন্ত্ৰণাৰ চিকিত্সা হৈছে আল্লাহৰ যিকিৰ বা স্মৰণ লগতে চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা। info