আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
99 : 11

وَاُتْبِعُوْا فِیْ هٰذِهٖ لَعْنَةً وَّیَوْمَ الْقِیٰمَةِ ؕ— بِئْسَ الرِّفْدُ الْمَرْفُوْدُ ۟

পাৰ্থিৱ জীৱনত আল্লাহে সিহঁতৰ লগত অভিশাপ সম্পৃক্ত কৰি দিছে আৰু তেওঁৰ কৰুণাৰ পৰা বঞ্চিত কৰি বিতাড়িত কৰিছে, লগতে সিহঁতক সাগৰত ডুবাই ধ্বংস কৰিছে। আনকি ক্বিয়ামতৰ দিনাও লাঞ্ছনা আৰু ৰহমতৰ পৰা দূৰত্ব লগ নেৰিব। পৃথিৱী আৰু আখিৰাতত সিহঁতে যি অভিশাপ আৰু শাস্তি ভোগ কৰিব সেয়া কিমান যে নিকৃষ্ট। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• التحذير من اتّباع رؤساء الشر والفساد، وبيان شؤم اتباعهم في الدارين.
অসত্কৰ্ম আৰু বিপৰ্যয় সৃষ্টিকাৰী প্ৰতিনিধিৰ অনুসৰণৰ পৰা সতৰ্ক কৰা হৈছে, লগতে এই কথাও বৰ্ণনা কৰা হৈছে যে, সিহঁতৰ অনুসৰণ কৰিলে ইহকাল আৰু পৰকালত ক্ষতিৰ সন্মুখীন হ'ব লাগিব। info

• تنزه الله تعالى عن الظلم في إهلاك أهل الشرك والمعاصي.
গুনাহগাৰ, মুশ্বৰিকসকলক ধ্বংস কৰাৰ ক্ষেত্ৰত অন্যায়ৰ পৰা আল্লাহ পৰিপূৰ্ণৰূপে পৱিত্ৰ। info

• لا تنفع آلهة المشركين عابديها يوم القيامة، ولا تدفع عنهم العذاب.
ক্বিয়ামতৰ দিনা মুশ্বৰিকসকলৰ উপাস্যবোৰে একো উপকাৰ কৰিব নোৱাৰিব আৰু সিহঁতৰ পৰা শাস্তিও প্ৰতিৰোধ কৰিব নোৱাৰিব। info

• انقسام الناس يوم القيامة إلى: سعيد خالد في الجنان، وشقي خالد في النيران.
ক্বিয়ামতৰ দিনা মানুহ দুই ভাগত বিভক্ত হব। সৌভাগ্যৱান, তেওঁলোক চিৰস্থায়ী জান্নাতৰ অধিবাসী হ'ব আৰু আনটো হ'ব দুৰ্ভগীয়া, সিহঁত অনন্ত কালৰ বাবে জাহান্নামৰ অধিবাসী হ'ব। info