আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
25 : 10

وَاللّٰهُ یَدْعُوْۤا اِلٰی دَارِ السَّلٰمِ ؕ— وَیَهْدِیْ مَنْ یَّشَآءُ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟

আল্লাহে সকলোকে তেওঁৰ জান্নাতৰ পিনে আহ্বান কৰে, যিটো হৈছে শান্তিৰ ঘৰ। য’ত মানুহ দুখ-কষ্ট আৰু বিপদ-আপদৰ পৰা সুৰক্ষিত থাকিব, লগতে মৃত্যুৰ পৰাও সুৰক্ষিত থাকিব। আল্লাহে যাক ইচ্ছা কৰে দ্বীন ইছলাম মানি চলাৰ তাওফীক প্ৰদান কৰে, আৰু এই ইছলামেই তাক শান্তিৰ ঘৰলৈ লৈ যাব। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• الله أسرع مكرًا بمن مكر بعباده المؤمنين.
যিসকলে আল্লাহৰ মুমিন বান্দাসকলৰ লগত ষড়যন্ত্ৰ কৰে, সিহঁতৰ বিপক্ষে আল্লাহৰ কৌশল অধিক ক্ষীপ্ৰতৰ। info

• بغي الإنسان عائد على نفسه ولا يضر إلا نفسه.
মানুহৰ অবাধ্যতাৰ পৰিণাম স্বয়ং সি নিজেই ভোগ কৰিব, তাৰ বাহিৰে আন কোনেও ক্ষতিৰ সন্মুখীন নহ'ব। info

• بيان حقيقة الدنيا في سرعة انقضائها وزوالها، وما فيها من النعيم فهو فانٍ.
পৃথিৱীৰ বাস্তৱিকতাৰ বৰ্ণনা যে, ই অতিসোনকালে ধ্বংস হৈ যাব, আৰু ইয়াৰ সকলো সুখ নিঃশেষ হৈ যাব। info

• الجنة هي مستقر المؤمن؛ لما فيها من النعيم والسلامة من المصائب والهموم.
মুমিনৰ বাসস্থান হৈছে জান্নাত, য’ত থাকিব সকলো প্ৰকাৰ নিয়ামত। আৰু সকলো প্ৰকাৰ দুশ্চিন্তা আৰু বিপদৰ পৰা মুক্তি। info