《古兰经》译解 - 古兰经简要注释阿萨姆语翻译

external-link copy
99 : 6

وَهُوَ الَّذِیْۤ اَنْزَلَ مِنَ السَّمَآءِ مَآءً ۚ— فَاَخْرَجْنَا بِهٖ نَبَاتَ كُلِّ شَیْءٍ فَاَخْرَجْنَا مِنْهُ خَضِرًا نُّخْرِجُ مِنْهُ حَبًّا مُّتَرَاكِبًا ۚ— وَمِنَ النَّخْلِ مِنْ طَلْعِهَا قِنْوَانٌ دَانِیَةٌ ۙ— وَّجَنّٰتٍ مِّنْ اَعْنَابٍ وَّالزَّیْتُوْنَ وَالرُّمَّانَ مُشْتَبِهًا وَّغَیْرَ مُتَشَابِهٍ ؕ— اُنْظُرُوْۤا اِلٰی ثَمَرِهٖۤ اِذَاۤ اَثْمَرَ وَیَنْعِهٖ ؕ— اِنَّ فِیْ ذٰلِكُمْ لَاٰیٰتٍ لِّقَوْمٍ یُّؤْمِنُوْنَ ۟

তেৱেঁই আকাশৰ পৰা পানী বৰ্ষায়, তাৰ দ্বাৰাই আমি বিভিন্ন প্ৰকাৰৰ গছ-পুলি উত্পন্ন কৰো, সেইবোৰ পুলিৰ পৰাই আমি ফচল তথা সেউজীয়া গছ-বৃক্ষ আদি উত্পন্ন কৰো। যিবোৰৰ পৰা দানা, বীজ আদি উলিয়াওঁ, যেনে ওপৰা ওপৰিকৈ লাগি থকা ফলৰ থোক। আৰু খেজুৰ গছৰ পৰা সৃষ্টি কৰোঁ ওলমি থকা খেজুৰৰ থোক, যিবোৰ থিয় হৈ অথবা বহিও সংগ্ৰহ কৰিব পাৰি। লগতে উত্পন্ন কৰো আঙুৰৰ বাগিচা। যায়তুন তথা ডালিম সৃষ্টি কৰো, যাৰ পাতবোৰ একেই কিন্তু ফল ভিন্ন। হে মানৱসমাজ! ইয়াৰ ফলবোৰৰ প্ৰতি লক্ষ্য কৰা যেতিয়া প্ৰথমবাৰ গছত ধৰে আৰু যেতিয়া পকি যায়। যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকৰ বাবে ইয়াৰ মাজত আছে স্পষ্ট প্ৰমাণ আৰু তেওঁলোকেই এই প্ৰমাণবোৰৰ পৰা উপকৃত হয়। info
التفاسير:
这业中每段经文的优越:
• الاستدلال ببرهان الخلق والرزق (تخليق النبات ونموه وتحول شكله وحجمه ونزول المطر) وببرهان الحركة (حركة الأفلاك وانتظام سيرها وانضباطها)؛ وكلاهما ظاهر مشاهَد - على انفراد الله سبحانه وتعالى بالربوبية واستحقاق الألوهية.
সৃষ্টি কৰা আৰু জীৱিকা প্ৰদান কৰা (উদ্ভিদৰ পুলি সৃষ্টি কৰা, সেইবোৰক উন্নত কৰা, সেইবোৰৰ আকাৰ আকৃতি পৰিবৰ্তন কৰা, বৰষুণ দিয়া) তথা গতি কৰা (গ্ৰহবোৰৰ গতি আৰু সেইবোৰে নিজ নিজ কক্ষপথত চলা) এই সকলোবোৰ স্পষ্ট তথা দৃশ্যমান প্ৰমাণ। যিবোৰৰ দ্বাৰা প্ৰমাণ হয় যে, আল্লাহেই একমাত্ৰ প্ৰতিপালক তথা ইবাদতৰ যোগ্য। info

• بيان ضلال وسخف عقول المشركين في عبادتهم للجن.
এই কথাৰ প্ৰমাণ পোৱা গ'ল যে, মুশ্বৰিকসকলে বিবেকহীনতাৰ কাৰণে তথা ভ্ৰান্ত হোৱাৰ কাৰণে জিনৰ পূজা পাঠ কৰিছিল। info