ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន

លេខ​ទំព័រ:close

external-link copy
32 : 52

اَمْ تَاْمُرُهُمْ اَحْلَامُهُمْ بِهٰذَاۤ اَمْ هُمْ قَوْمٌ طَاغُوْنَ ۟ۚ

সিহঁতৰ বিবেক-বুদ্ধিয়ে সিহঁতক এই আদেশ দিয়ে নেকি? নে সিহঁত সীমালংঘনকাৰী সম্প্ৰদায়? info
التفاسير:

external-link copy
33 : 52

اَمْ یَقُوْلُوْنَ تَقَوَّلَهٗ ۚ— بَلْ لَّا یُؤْمِنُوْنَ ۟ۚ

নে সিহঁতে কয় যে, ‘এইখন তেওঁ নিজেই ৰচনা কৰিছে’? বৰং সিহঁতে ঈমান পোষণ নকৰিব। info
التفاسير:

external-link copy
34 : 52

فَلْیَاْتُوْا بِحَدِیْثٍ مِّثْلِهٖۤ اِنْ كَانُوْا صٰدِقِیْنَ ۟ؕ

এতেকে সিহঁত যদি সত্যবাদী হয়, তেতিয়াহ’লে সিহঁতে ইয়াৰ দৰে কোনো বাণী লৈ আহকচোন! info
التفاسير:

external-link copy
35 : 52

اَمْ خُلِقُوْا مِنْ غَیْرِ شَیْءٍ اَمْ هُمُ الْخٰلِقُوْنَ ۟ؕ

সিহঁতে স্ৰষ্টাবিহীন সৃষ্টি হৈছে নেকি, নে সিহঁত নিজেই স্ৰষ্টা? info
التفاسير:

external-link copy
36 : 52

اَمْ خَلَقُوا السَّمٰوٰتِ وَالْاَرْضَ ۚ— بَلْ لَّا یُوْقِنُوْنَ ۟ؕ

অথবা সিহঁতে আকাশমণ্ডল আৰু পৃথিৱীক সৃষ্টি কৰিছে নেকি? বৰং সিহঁতে দৃঢ় বিশ্বাস নকৰে। info
التفاسير:

external-link copy
37 : 52

اَمْ عِنْدَهُمْ خَزَآىِٕنُ رَبِّكَ اَمْ هُمُ الْمُصَۜیْطِرُوْنَ ۟ؕ

নে সিহঁতৰ ওচৰত তোমাৰ প্ৰতিপালকৰ গোপন কোনো ভাণ্ডাৰ আছে? নে সিহঁতেই সকলো বস্তুৰ নিয়ন্ত্ৰণকাৰী? info
التفاسير:

external-link copy
38 : 52

اَمْ لَهُمْ سُلَّمٌ یَّسْتَمِعُوْنَ فِیْهِ ۚ— فَلْیَاْتِ مُسْتَمِعُهُمْ بِسُلْطٰنٍ مُّبِیْنٍ ۟ؕ

নে সিহঁতৰ ওচৰত জখলা আছে, য’ত আৰোহণ কৰি সিহঁতে (উৰ্দ্ধজগতৰ কথা) শুনিবলৈ পায়? তেন্তে সিহঁতে শুনা পোৱা সেই স্পষ্ট প্ৰমাণটো লৈ আহকচোন! info
التفاسير:

external-link copy
39 : 52

اَمْ لَهُ الْبَنٰتُ وَلَكُمُ الْبَنُوْنَ ۟ؕ

নে কন্যা সন্তান তেওঁৰ বাবে; আৰু পুত্ৰ সন্তান তোমালোকৰ বাবে? info
التفاسير:

external-link copy
40 : 52

اَمْ تَسْـَٔلُهُمْ اَجْرًا فَهُمْ مِّنْ مَّغْرَمٍ مُّثْقَلُوْنَ ۟ؕ

(হে নবী!) তুমি সিহঁতৰ ওচৰত পাৰিশ্ৰমিক (বিনিময়) দাবী কৰিছা নেকি, যাৰ ফলত সিহঁতে ঋণৰ বোজাত ভাৰাক্ৰান্ত হৈ পৰিছে? info
التفاسير:

external-link copy
41 : 52

اَمْ عِنْدَهُمُ الْغَیْبُ فَهُمْ یَكْتُبُوْنَ ۟ؕ

নে সিহঁতৰ ওচৰত গায়েবৰ কোনো জ্ঞান আছে? যিটো সিহঁতে লিখি ৰাখে! info
التفاسير:

external-link copy
42 : 52

اَمْ یُرِیْدُوْنَ كَیْدًا ؕ— فَالَّذِیْنَ كَفَرُوْا هُمُ الْمَكِیْدُوْنَ ۟ؕ

নে সিহঁতে কোনো ষড়যন্ত্ৰ কৰিব বিচাৰিছে? (জানি থোৱা) যিসকলে কুফৰী কৰে সিহঁতেই হ’ব ষড়যন্ত্ৰৰ চিকাৰ। info
التفاسير:

external-link copy
43 : 52

اَمْ لَهُمْ اِلٰهٌ غَیْرُ اللّٰهِ ؕ— سُبْحٰنَ اللّٰهِ عَمَّا یُشْرِكُوْنَ ۟

নে আল্লাহৰ বাহিৰে সিহঁতৰ কোনো ইলাহ আছে? (জানি থোৱা) সিহঁতে যি শ্বিৰ্ক কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ। info
التفاسير:

external-link copy
44 : 52

وَاِنْ یَّرَوْا كِسْفًا مِّنَ السَّمَآءِ سَاقِطًا یَّقُوْلُوْا سَحَابٌ مَّرْكُوْمٌ ۟

আৰু আকাশৰ কোনো টুকুৰা ভাগি পৰা দেখিলেও সিহঁতে ক’ব, ‘এইটো এটা পুঞ্জিভূত মেঘ’। info
التفاسير:

external-link copy
45 : 52

فَذَرْهُمْ حَتّٰی یُلٰقُوْا یَوْمَهُمُ الَّذِیْ فِیْهِ یُصْعَقُوْنَ ۟ۙ

এতেকে সিহঁতক এৰি দিয়া সেই দিৱসলৈকে, যিদিনা সিহঁত বজ্ৰাঘাতৰ ফলত অচেতন হৈ পৰিব। info
التفاسير:

external-link copy
46 : 52

یَوْمَ لَا یُغْنِیْ عَنْهُمْ كَیْدُهُمْ شَیْـًٔا وَّلَا هُمْ یُنْصَرُوْنَ ۟ؕ

সেইদিনা সিহঁতৰ ষড়যন্ত্ৰ কোনো কামত নাহিব আৰু সিহঁতক সহায়ও কৰা নহ’ব। info
التفاسير:

external-link copy
47 : 52

وَاِنَّ لِلَّذِیْنَ ظَلَمُوْا عَذَابًا دُوْنَ ذٰلِكَ وَلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟

নিশ্চয় ইয়াৰ বাহিৰেও আৰু শাস্তি আছে সীমালংঘনকাৰীসকলৰ বাবে। কিন্তু সিহঁতৰ অধিকাংশই এই কথা নাজানে। info
التفاسير:

external-link copy
48 : 52

وَاصْبِرْ لِحُكْمِ رَبِّكَ فَاِنَّكَ بِاَعْیُنِنَا وَسَبِّحْ بِحَمْدِ رَبِّكَ حِیْنَ تَقُوْمُ ۟ۙ

আৰু তুমি তোমাৰ প্ৰতিপালকৰ সিদ্ধান্তৰ অপেক্ষত ধৈৰ্য্য ধাৰণ কৰা; কাৰণ তুমি আমাৰ চুকুৰ সন্মুখতে আছা। তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা। info
التفاسير:

external-link copy
49 : 52

وَمِنَ الَّیْلِ فَسَبِّحْهُ وَاِدْبَارَ النُّجُوْمِ ۟۠

আৰু তেওঁৰ পৱিত্ৰতা ঘোষণা কৰা নিশাৰ ভাগত আৰু তৰাবোৰ অস্তমিত হোৱাৰ পিছত। info
التفاسير: