ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសាAssamese - រ៉ហ្វុីកុលអុីស្លាម ហាពីពុររ៉ោះម៉ាន

លេខ​ទំព័រ:close

external-link copy
15 : 52

اَفَسِحْرٌ هٰذَاۤ اَمْ اَنْتُمْ لَا تُبْصِرُوْنَ ۟

এইটো যাদু নেকি? নে তোমালোকে দেখা নোপোৱা! info
التفاسير:

external-link copy
16 : 52

اِصْلَوْهَا فَاصْبِرُوْۤا اَوْ لَا تَصْبِرُوْا ۚ— سَوَآءٌ عَلَیْكُمْ ؕ— اِنَّمَا تُجْزَوْنَ مَا كُنْتُمْ تَعْمَلُوْنَ ۟

তোমালোকে জুইত প্ৰৱেশ কৰা, তাৰ পিছত তোমালোকে ধৈৰ্য্য ধাৰণ কৰা বা নকৰা উভয়েই তোমালোকৰ বাবে সমান। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে। info
التفاسير:

external-link copy
17 : 52

اِنَّ الْمُتَّقِیْنَ فِیْ جَنّٰتٍ وَّنَعِیْمٍ ۟ۙ

নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰাচুৰ্যসমূহৰ মাজত। info
التفاسير:

external-link copy
18 : 52

فٰكِهِیْنَ بِمَاۤ اٰتٰىهُمْ رَبُّهُمْ ۚ— وَوَقٰىهُمْ رَبُّهُمْ عَذَابَ الْجَحِیْمِ ۟

তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক যি প্ৰদান কৰিছে সেয়া তেওঁলোকে উপভোগ কৰিব, লগতে তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক ৰক্ষা কৰিব জ্বলন্ত অগ্নিৰ শাস্তিৰ পৰা, info
التفاسير:

external-link copy
19 : 52

كُلُوْا وَاشْرَبُوْا هَنِیْٓـًٔا بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟ۙ

(তেওঁলোকক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদান হিচাপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা; info
التفاسير:

external-link copy
20 : 52

مُتَّكِـِٕیْنَ عَلٰی سُرُرٍ مَّصْفُوْفَةٍ ۚ— وَزَوَّجْنٰهُمْ بِحُوْرٍ عِیْنٍ ۟

তেওঁলোকে শ্ৰেণীবদ্ধভাৱে সুসজ্জিত আসনত আউজী বহিব; আৰু আমি তেওঁলোকৰ মিলন ঘটাম মৃগনয়নী ডাঙৰ চকুবিশিষ্টা হুৰৰ সৈতে; info
التفاسير:

external-link copy
21 : 52

وَالَّذِیْنَ اٰمَنُوْا وَاتَّبَعَتْهُمْ ذُرِّیَّتُهُمْ بِاِیْمَانٍ اَلْحَقْنَا بِهِمْ ذُرِّیَّتَهُمْ وَمَاۤ اَلَتْنٰهُمْ مِّنْ عَمَلِهِمْ مِّنْ شَیْءٍ ؕ— كُلُّ امْرِىۢ بِمَا كَسَبَ رَهِیْنٌ ۟

আৰু যিসকলে ঈমান আনিছে আৰু তেওঁলোকৰ সন্তান-সন্ততিও ঈমানৰ ক্ষেত্ৰত তেওঁলোকৰ অনুগামী হৈছে, আমি তেওঁলোকৰ লগত তেওঁলোকৰ সন্তান-সন্ততিক একত্ৰিত কৰিম, আৰু তেওঁলোকৰ কৰ্মফল আমি অলপো হ্ৰাস নকৰিম; প্ৰত্যেক ব্যক্তিয়েই নিজৰ কৃতকৰ্মৰ বাবে দায়ী। info
التفاسير:

external-link copy
22 : 52

وَاَمْدَدْنٰهُمْ بِفَاكِهَةٍ وَّلَحْمٍ مِّمَّا یَشْتَهُوْنَ ۟

আৰু আমি তেওঁলোকক অতিৰিক্ত প্ৰদান কৰিম ফল-মূল আৰু মাংস, যিবোৰ তেওঁলোকে কামনা কৰিব। info
التفاسير:

external-link copy
23 : 52

یَتَنَازَعُوْنَ فِیْهَا كَاْسًا لَّا لَغْوٌ فِیْهَا وَلَا تَاْثِیْمٌ ۟

তাত তেওঁলোকে পৰস্পৰে পানপাত্ৰ আদান-প্ৰদান কৰিব, তাত কোনো নিৰৰ্থক কথা-বতৰা নাথাকিব আৰু কোনো পাপকৰ্মও নাথাকিব। info
التفاسير:

external-link copy
24 : 52

وَیَطُوْفُ عَلَیْهِمْ غِلْمَانٌ لَّهُمْ كَاَنَّهُمْ لُؤْلُؤٌ مَّكْنُوْنٌ ۟

আৰু তাত তেওঁলোকৰ সেৱাত চাৰিওফালে ঘুৰি থাকিব কিশোৰসকলৰ দল; সিহঁত দেখাত যেনিবা সুৰক্ষিত মুকুতাহে। info
التفاسير:

external-link copy
25 : 52

وَاَقْبَلَ بَعْضُهُمْ عَلٰی بَعْضٍ یَّتَسَآءَلُوْنَ ۟

আৰু তেওঁলোকে ইজনে সিজনৰ ফালে চাই সোধ-পোছ কৰিব, info
التفاسير:

external-link copy
26 : 52

قَالُوْۤا اِنَّا كُنَّا قَبْلُ فِیْۤ اَهْلِنَا مُشْفِقِیْنَ ۟

তেওঁলোকে ক’ব, ‘নিশ্চয় আমি ইতিপূৰ্বে আমাৰ পৰিয়াল বৰ্গৰ মাজত শংকিত অৱস্থাত আছিলোঁ’। info
التفاسير:

external-link copy
27 : 52

فَمَنَّ اللّٰهُ عَلَیْنَا وَوَقٰىنَا عَذَابَ السَّمُوْمِ ۟

তাৰ পিছত আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰিছে। info
التفاسير:

external-link copy
28 : 52

اِنَّا كُنَّا مِنْ قَبْلُ نَدْعُوْهُ ؕ— اِنَّهٗ هُوَ الْبَرُّ الرَّحِیْمُ ۟۠

নিশ্চয় আমি আগতেও তেওঁকেই আহ্বান কৰিছিলোঁ; নিশ্চয় তেওঁ কৃপাময়, পৰম দয়ালু। info
التفاسير:

external-link copy
29 : 52

فَذَكِّرْ فَمَاۤ اَنْتَ بِنِعْمَتِ رَبِّكَ بِكَاهِنٍ وَّلَا مَجْنُوْنٍ ۟ؕ

এতেকে তুমি উপদেশ দি থাকা, কাৰণ তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহত তুমি গণকো নহয় আৰু উন্মাদো নহয়। info
التفاسير:

external-link copy
30 : 52

اَمْ یَقُوْلُوْنَ شَاعِرٌ نَّتَرَبَّصُ بِهٖ رَیْبَ الْمَنُوْنِ ۟

সিহঁতে কয় নেকি যে, এওঁ (মুহাম্মদ) হৈছে এজন কবি? আমি তাৰ মৃত্যুৰ প্ৰতীক্ষা কৰিছোঁ। info
التفاسير:

external-link copy
31 : 52

قُلْ تَرَبَّصُوْا فَاِنِّیْ مَعَكُمْ مِّنَ الْمُتَرَبِّصِیْنَ ۟ؕ

কোৱা, ‘তোমালোকে অপেক্ষা কৰা, নিশ্চয় ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছোঁ’। info
التفاسير: