ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
48 : 9

لَقَدِ ابْتَغَوُا الْفِتْنَةَ مِنْ قَبْلُ وَقَلَّبُوْا لَكَ الْاُمُوْرَ حَتّٰی جَآءَ الْحَقُّ وَظَهَرَ اَمْرُ اللّٰهِ وَهُمْ كٰرِهُوْنَ ۟

এই মুনাফিকসকলে তাবুক যুদ্ধৰ পূৰ্বেও মুছলিমসকলৰ মাজত মতভেদ সৃষ্টি কৰাৰ আৰু তেওঁলোকৰ শক্তি ভঙ্গ কৰিবলৈ প্ৰয়াস কৰিছিল। হে ৰাছুল! আপোনাৰ বিৰুদ্ধেও বিভিন্ন প্ৰকাৰৰ চক্ৰান্ত ৰচিছিল, যাতে সিহঁতৰ চক্ৰান্তই আপোনাৰ জিহাদৰ ধাৰণাক প্ৰভাৱিত কৰে। অৱশেষত আল্লাহৰ সহায় আহি পৰিল, আৰু আল্লাহে তেওঁৰ দ্বীনক বিজয়ী কৰিলে আৰু তেওঁৰ শত্ৰুক পৰাজিত কৰিলে। যদিও সিহঁতে এইটো পছন্দ কৰা নাছিল, কাৰণ সিহঁতৰ ইচ্ছা আছিল যাতে অসত্যই সত্যৰ ওপৰত বিজয়প্ৰাপ্ত হয়। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• دأب المنافقين السعي إلى إلحاق الأذى بالمسلمين عن طريق الدسائس والتجسس.
মুনাফিকসকলৰ এটা অন্যতম স্বভাৱ হৈছে প্ৰৱঞ্চনা আৰু গোপন বিষয় অনুসন্ধানৰ জৰিয়তে মুছলিমসকলক কষ্ট দিয়া। info

• التخلف عن الجهاد مفسدة كبرى وفتنة عظمى محققة، وهي معصية لله ومعصية لرسوله.
জিহাদৰ পৰা পিছুৱাই থকাটো এটা বৃহৎ বিপৰ্যয় তথা ভয়াৱহ ফিতনাহ। সেইটো হৈছে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অৱজ্ঞা। info

• في الآيات تعليم للمسلمين ألا يحزنوا لما يصيبهم؛ لئلا يَهِنوا وتذهب قوتهم، وأن يرضوا بما قدَّر الله لهم، ويرجوا رضا ربهم؛ لأنهم واثقون بأن الله يريد نصر دينه.
উক্ত আয়াতবোৰত মুছলিমসকলক এই শিক্ষা দিয়া হৈছে যে, মুচিবতৰ সময়ত হতাশ হোৱা উচিত নহয়, যাতে দুৰ্বল হৈ নপৰে আৰু শক্তি নেহেৰুৱায়। বৰং আল্লাহৰ ফয়চালাত সন্তুষ্ট হোৱা উচিত, লগতে নিজ প্ৰতিপালকৰ সন্তুষ্টি লাভৰ আশা কৰা উচিত, লগতে তেওঁলোকে বিশ্বাস ৰখা উচিত যে, আল্লাহে নিজ ধৰ্মক সহায় কৰিব বিচাৰে। info

• من علامات ضعف الإيمان وقلة التقوى التكاسل في أداء الصلاة والإنفاق عن غير رضا ورجاء للثواب.
ঈমানৰ দুৰ্বলতা আৰু তাক্বৱা হ্ৰাস পোৱাৰ অন্যতম কেইটামান নিৰ্দৰ্শন হৈছে এই ধৰণৰঃ ছালাত আদায়ত অলসতা কৰা আৰু অনিচ্ছাকৃতভাৱে দান কৰিও নেকিৰ আশা কৰা। info