ការបកប្រែអត្ថន័យគួរអាន - ការបកប្រែជាភាសា Assamese លើការអធិប្បាយសង្ខេបអំពីគម្ពីគួរអាន

external-link copy
74 : 26

قَالُوْا بَلْ وَجَدْنَاۤ اٰبَآءَنَا كَذٰلِكَ یَفْعَلُوْنَ ۟

সিহঁতে উত্তৰ দি ক’লেঃ এইটো কথা সঁচা যে, যেতিয়া আমি সিহঁতৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেতিয়া সিহঁতে শুনা নাপায়; আৰু আমি যদি সিহঁতৰ আজ্ঞাপালন কৰোঁ, তেতিয়াও সিহঁতে আমাক কোনো উপকাৰ কৰিব নোৱাৰে; আনকি আমি যদি সিহঁতৰ অবাধ্যতা কৰোঁ, তথাপিও সিহঁতে আমাৰ একো ক্ষতি কৰিব নোৱাৰে। দৰাচলতে আমি আমাৰ পিতৃপুৰুষসকলক এনেকুৱাই কৰা দেখিছোঁ, আৰু আমিও তেওঁলোককেই অনুসৰণ কৰি আছোঁ। info
التفاسير:
ក្នុង​ចំណោម​អត្ថប្រយោជន៍​នៃអាយ៉ាត់ទាំងនេះក្នុងទំព័រនេះ:
• الله مع عباده المؤمنين بالنصر والتأييد والإنجاء من الشدائد.
আল্লাহে সদায় তেওঁৰ মুমিন বান্দাসকলক সহায়, সমৰ্থন কৰে, তথা তেওঁলোকক বিপদৰ পৰা ৰক্ষা কৰে। info

• ثبوت صفتي العزة والرحمة لله تعالى.
সৰ্বশক্তিমান আৰু ৰহমত, আল্লাহৰ এই দুটা বৈশিষ্ট্যৰ প্ৰমাণ পোৱা গ’ল। info

• خطر التقليد الأعمى.
অন্ধ অনুকৰণৰ লোকচান। info

• أمل المؤمن في ربه عظيم.
মুমিনসকল নিজ প্ৰতিপালকৰ ওচৰত ডাঙৰ আশাবাদী। info