Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
21 : 45

اَمْ حَسِبَ الَّذِیْنَ اجْتَرَحُوا السَّیِّاٰتِ اَنْ نَّجْعَلَهُمْ كَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ ۙ— سَوَآءً مَّحْیَاهُمْ وَمَمَاتُهُمْ ؕ— سَآءَ مَا یَحْكُمُوْنَ ۟۠

শৰীৰৰ অংগ-প্ৰত্যংগৰ দ্বাৰা কুফৰী আৰু গুনাহ কৰা লোকসকলে ধাৰণা কৰিছে নেকি যে, আমি সিহঁতক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু সৎকৰ্ম কৰা লোকসকলৰ দৰেই প্ৰতিদান দান কৰিম? যাতে পৃথিৱী আৰু আখিৰাতত সিহঁত সকলোৱে সমান পৰ্যায়ত থাকে? সিহঁতৰ এই ধাৰণা অত্যন্ত ঘৃণনীয়। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• العفو والتجاوز عن الظالم إذا لم يُظهر الفساد في الأرض، ويَعْتَدِ على حدود الله؛ خلق فاضل أمر الله به المؤمنين إن غلب على ظنهم العاقبة الحسنة.
যদি কোনো কাফিৰ ব্যক্তিয়ে অন্যায়-অত্যাচাৰৰ জৰিয়তে পৃথিৱীত উপদ্ৰৱ সৃষ্টি নকৰে তথা আল্লাহে নিৰ্ধাৰিত কৰা সীমা লঙ্ঘন নকৰে তেন্তে তেনেকুৱা ব্যক্তিক ক্ষমা কৰি দিয়া উচিত। ইয়াৰ আদেশ আল্লাহে মুমিনসকলক দিছে, যদিহে ইয়াৰ ভাল পৰিণাম প্ৰকট হোৱাৰ আশা থাকে। info

• وجوب اتباع الشرع والبعد عن اتباع أهواء البشر.
মানুহৰ ইচ্ছাৰ অনুসৰণৰ পৰা আঁতৰি চৰীয়তৰ অনুসৰণ কৰা অনিবাৰ্য। info

• كما لا يستوي المؤمنون والكافرون في الصفات، فلا يستوون في الجزاء.
যিদৰে মুমিন আৰু কাফিৰৰ বৈশিষ্ট্য সমান নহয়, ঠিক সেইদৰে সিহঁতৰ প্ৰতিদানো সমান নহয়। info

• خلق الله السماوات والأرض وفق حكمة بالغة يجهلها الماديون الملحدون.
আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্ণ হিকমত সহকাৰে সৃষ্টি কৰিছে। কিন্তু ভৌতিকবাদী বিধৰ্মীসকলে এইবোৰ নাজানে। info