আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ - আল-মুখতাচাৰ ফী তাফছীৰিল কোৰআনিল কাৰীমৰ অসমীয়া অনুবাদ

external-link copy
41 : 27

قَالَ نَكِّرُوْا لَهَا عَرْشَهَا نَنْظُرْ اَتَهْتَدِیْۤ اَمْ تَكُوْنُ مِنَ الَّذِیْنَ لَا یَهْتَدُوْنَ ۟

ছুলাইমান আলাইহিচ্ছালামে ক’লেঃ তেওঁৰ ৰাজ-সিংহাসনখনৰ গঠনক অলপ পৰিবৰ্তন কৰি দিয়া। চাওঁ, তেওঁ নিজৰ সিংহাসনখনক চিনি পায় নে নাই? নে তেৱোঁ সেইসকল লোকৰ অন্তৰ্ভুক্ত হয়, যিসকলে নিজৰ বস্তুকে চিনি নাপায়। info
التفاسير:
এই পৃষ্ঠাৰ আয়াতসমূহৰ পৰা সংগৃহীত কিছুমান উপকাৰী তথ্য:
• عزة الإيمان تحصّن المؤمن من التأثر بحطام الدنيا.
ঈমানৰ শক্তিয়ে মুমিনক পাৰ্থিৱ সামগ্ৰীৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা ৰক্ষা কৰে। info

• الفرح بالماديات والركون إليها صفة من صفات الكفار.
ধন-সম্পদৰ দ্বাৰা আনন্দিত হোৱা তথা সেই পিনে সম্পূৰ্ণৰূপে মনোনিৱেশ কৰাটো হৈছে কাফিৰসকলৰ স্বভাৱ। info

• يقظة شعور المؤمن تجاه نعم الله.
মুমিন ব্যক্তি আল্লাহৰ নিয়ামতৰ ক্ষেত্ৰত সদায় সচেতন থাকে। info

• اختبار ذكاء الخصم بغية التعامل معه بما يناسبه.
বিৰোধী পক্ষৰ সৈতে উচিত ব্যৱহাৰ কৰিবলৈ তাৰ বুদ্ধিমত্তাৰ পৰীক্ষা লোৱাত বাধা নাই। info

• إبراز التفوق على الخصم للتأثير فيه.
বিৰোধী পক্ষক প্ৰভাৱিত কৰিবলৈ সিহঁতৰ সন্মুখত নিজৰ শ্ৰেষ্ঠতা প্ৰকাশ কৰাত অসুবিধা নাই। info