የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
18 : 53

لَقَدْ رَاٰی مِنْ اٰیٰتِ رَبِّهِ الْكُبْرٰی ۟

নিশ্চয় মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে মিৰাজৰ ৰাতি তেওঁৰ প্ৰতিপালকৰ মহা নিদৰ্শনসমূহ প্ৰত্যক্ষ কৰিছে, যিবোৰে মহান আল্লাহৰ ক্ষমতাৰ প্ৰমাণ বহন কৰে। এতেকে তেওঁ জান্নাত, জাহান্নাম আৰু অন্যান্য কেইবাটাও বস্তু দেখিছে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• كمال أدب النبي صلى الله عليه وسلم حيث لم يَزغْ بصره وهو في السماء السابعة.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পূৰ্ণ শিষ্টাচাৰৰ প্ৰমাণ যে, তেওঁ সপ্তম আকাশতো দৃষ্টি ইফাল-সিফাল কৰা নাছিল। info

• سفاهة عقل المشركين حيث عبدوا شيئًا لا يضر ولا ينفع، ونسبوا لله ما يكرهون واصطفوا لهم ما يحبون.
এইটো মুশ্বৰিকসকলৰ বিবেকহীনতাৰ প্ৰমাণ যে, সিহঁতে এনেকুৱা বস্তুৰ উপাসনা কৰে যিবোৰে ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে। তথা সিহঁতে আল্লাহৰ সৈতে এনেকুৱা বিষয় সম্পৃক্ত কৰে, যিবোৰক সিহঁতে নিজৰ বাবে অপছন্দ কৰে। আনহাতে নিজৰ বাবে সেইবোৰ বাচি লয়, যিবোৰ সিহঁতে পছন্দ কৰে। info

• الشفاعة لا تقع إلا بشرطين: الإذن للشافع، والرضا عن المشفوع له.
মধ্যস্ততা দুটা চৰ্তত সাব্যস্ত হ’বঃ মধ্যস্ততাকাৰী ব্যক্তিয়ে অনুমতি পাব লাগিব; আৰু যাৰ সপক্ষে মধ্যস্ততা কৰা হ’ব, তেওঁৰ ওপৰত আল্লাহ সন্তুষ্ট হ’ব লাগিব। info