የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
78 : 11

وَجَآءَهٗ قَوْمُهٗ یُهْرَعُوْنَ اِلَیْهِ ؕ— وَمِنْ قَبْلُ كَانُوْا یَعْمَلُوْنَ السَّیِّاٰتِ ؕ— قَالَ یٰقَوْمِ هٰۤؤُلَآءِ بَنَاتِیْ هُنَّ اَطْهَرُ لَكُمْ فَاتَّقُوا اللّٰهَ وَلَا تُخْزُوْنِ فِیْ ضَیْفِیْ ؕ— اَلَیْسَ مِنْكُمْ رَجُلٌ رَّشِیْدٌ ۟

ইপিনে লূত সম্প্ৰদায়ৰ লোকসকলে তেওঁৰ অতিথিসকলৰ লগত কুকৰ্ম কৰিবলৈ দৌৰি আহিল, ইতিপূৰ্বেও সিহঁত এই বেয়া অভ্যাসত লিপ্ত আছিল যে, স্ত্ৰীক এৰি পুৰুষৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিছিল। লূত আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ৰ লোকসকলক আঁতৰাবলৈ আৰু অতিথিসকলৰ সন্মুখত নিজৰ বিৱশতা প্ৰকাশ কৰি ক'লেঃ চোৱা! নাৰীসকলৰ মাজত এয়া মোৰ ছোৱালীসকলো আছে, তোমালোকে এওঁলোকক বিবাহ কৰোৱা। নিশ্চয় তোমালোকৰ বাবে এয়া বেয়া কৰ্মৰ তুলনাত অধিক পৱিত্ৰ। এতেকে তোমালোকে আল্লাহক ভয় কৰা। আৰু মোৰ অতিথিসকলৰ ক্ষেত্ৰত মোক অপমান নকৰিবা। হে মোৰ জাতিৰ লোকসকল! তোমালোকৰ মাজত কোনো বিবেকৱান লোক নাই নেকি, যিয়ে তোমালোকক এই কুকৰ্মৰ পৰা বিৰত ৰাখিব? info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• بيان فضل ومنزلة خليل الله إبراهيم عليه السلام، وأهل بيته.
আল্লাহৰ মিত্ৰ ইব্ৰাহীম আলাইহিছ ছালাম আৰু তেওঁৰ পৰিয়ালৰ শ্ৰেষ্ঠতা আৰু উচ্চ মৰ্যাদাৰ বৰ্ণনা। info

• مشروعية الجدال عمن يُرجى له الإيمان قبل الرفع إلى الحاكم.
যদি ঈমান পোষণ কৰাৰ কোনো আশা থাকে তেন্তে তাৰ বিষয়টো পদাধিকাৰীৰ ওচৰত যোৱাৰ আগতে সেই বিষয়ে আলোচনা কৰা বৈধ। info

• بيان فظاعة وقبح عمل قوم لوط.
লূত সম্প্ৰদায়ৰ কুকৰ্ম আৰু জঘন্য অপৰাধৰ বৰ্ণনা। info