የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
74 : 11

فَلَمَّا ذَهَبَ عَنْ اِبْرٰهِیْمَ الرَّوْعُ وَجَآءَتْهُ الْبُشْرٰی یُجَادِلُنَا فِیْ قَوْمِ لُوْطٍ ۟ؕ

এতেকে যেতিয়া ইব্ৰাহীম আলাইহিছ ছালামে গম পালে যে, তেওঁৰ অতিথিসকল যিসকলে আহাৰ ভক্ষণ কৰা নাছিল, তেওঁলোক আচলতে ফিৰিস্তা তেতিয়া তেওঁৰ ভয় দূৰ হ'ল। আৰু তেওঁ সুসংবাদ পালে যে, তেওঁৰ ঘৰত এজন পুত্ৰ সন্তান জন্ম লভিব যাৰ নাম হ'ব ইছহাক আৰু পিছত আহিব ইয়াকূব। তাৰ পিছত তেওঁ আমাৰ বাৰ্তাবাহকসকলৰ লগত লূত সম্প্ৰদায় সম্পৰ্কে কথা পাতিবলৈ ধৰিলে, যাতে তেওঁলোকে সিহঁতৰ পৰা কিছু সময়ৰ বাবে উঠাই নিয়ে, যাতে লূত আৰু তেওঁৰ পৰিয়াল ইয়াৰ পৰা ৰক্ষা পায়। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• بيان فضل ومنزلة خليل الله إبراهيم عليه السلام، وأهل بيته.
আল্লাহৰ মিত্ৰ ইব্ৰাহীম আলাইহিছ ছালাম আৰু তেওঁৰ পৰিয়ালৰ শ্ৰেষ্ঠতা আৰু উচ্চ মৰ্যাদাৰ বৰ্ণনা। info

• مشروعية الجدال عمن يُرجى له الإيمان قبل الرفع إلى الحاكم.
যদি ঈমান পোষণ কৰাৰ কোনো আশা থাকে তেন্তে তাৰ বিষয়টো পদাধিকাৰীৰ ওচৰত যোৱাৰ আগতে সেই বিষয়ে আলোচনা কৰা বৈধ। info

• بيان فظاعة وقبح عمل قوم لوط.
লূত সম্প্ৰদায়ৰ কুকৰ্ম আৰু জঘন্য অপৰাধৰ বৰ্ণনা। info